অসম

স্বাস্থ্য মন্ত্ৰীৰ বিশেষ ঘোষণাঃ সোমবাৰৰ পৰা গুৱাহাটীত হোম আইছ’লেশ্যনত থকা কোৰোনা ৰোগীক দিয়া হ’ব বিনামূলীয়াকৈ অক্সিমিটাৰ আৰু ঔষধ…

asomiyapratidin

ডিজিটেল ডেস্কঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কৰে এক বিশেষ ঘোষণা। গুৱাহাটী মহানগৰীত কোৰোনাত আক্ৰান্ত যিসকল ৰোগী হোম আইছ'লেশ্যনত আছে, তেওঁলোকক সোমবাৰৰ পৰা চৰকাৰৰ ফালৰ পৰা ঔষধ আৰু অক্সিমিটাৰ যোগান ধৰা হ'ব।

টুইটাৰযোগে এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। তেওঁ টুইটটোত লিখিছে- 'অহা কালিৰ পৰা গুৱাহাটী মহানগৰীত যিসকল কোৰোনাক্ৰান্ত ৰোগীসকল হোম আইছ'লেশ্যনত আছে তেওঁলোকক আমি অক্সিমিটাৰ আৰু ফাৰ্ষ্ট লাইন ছাপ'ৰ্টিভ মেডিচিন সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰিম।'