অসম

২০১৯ ত কিমান দিন চৰকাৰী বন্ধ পাব কৰ্মচাৰীয়ে? বিতং তথ্য-

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ২০১৯ চনৰ নিৰ্ধাৰিত চৰকাৰী বন্ধৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। ১৭ ডিচেম্বৰত হৈ যোৱা কেবিনেট বৈঠকে বন্ধৰ তালিকাত অনুমোদন জনোৱাৰ পিছতে সেই তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।

২০১৯ বৰ্ষৰ বাবে প্ৰকাশিত বন্ধৰ তালিকাত ৰাজ্যিক কৰ্মচাৰীয়ে মুঠ উৎসৱ-পাৰ্বণৰ বাবে কিমান দিন চৰকাৰী বন্ধ পাব সেই কথা বিতং ভাৱে উল্লেখ কৰা হৈছে।

প্ৰকাশিত তালিকাত মুঠ চৰকাৰী বন্ধ আছে ৩৫ দিন আৰু চৰকাৰী কৰ্মচাৰীয়ে অৰ্ধছুটী হিচাপে লাভ কৰিব দুটা দিন। অৰ্ধছুটীৰ দিন দুটা হ'ল ১০ ছেপ্টেম্বৰ (মহৰম) আৰু ১৩ অক্টোবৰ (লক্ষ্মী পূজা)। আনহাতে উল্লেখিত ৩৫টা বন্ধ দিনৰ উপৰি সংৰক্ষিত বন্ধৰ তালিকাত আছে ২৫ দিন।

ইপিনে, চৰকাৰী কৰ্মচাৰীসকলে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ দুটাত পোৱা বন্ধ সহ মুঠ ২৪টা দিন শনিবৰীয়া বন্ধ পায়। এইবোৰৰ উপৰিও এই বৰ্ষত মুঠ দেওবাৰ আছে ৫২টা।

চৰকাৰী বিধিমতে কৰ্মচাৰীসকলে নৈমিত্তিক ছুটী ল'ব পাৰিব ১২টা দিন৷ আৰ্জিত ছুটী (earned leave) ল'ব পাৰিব ৩০ দিন।

২০১৯ বৰ্ষৰ বাবে অসম চৰকাৰে প্ৰকাশ কৰা বন্ধৰ তালিকা-

১৫, ১৬ জানুৱাৰী- মাঘ বিহু, টুছু পূজা
২৩ জানুৱাৰী- নেতাজীৰ জন্মদিন
২৬ জানুৱাৰী- গণৰাজ্য দিৱস
২৯ জানুৱাৰী- গৌথাৰ বাথৌ ছান (বড়োসকলৰ এটা প্ৰধান উৎসৱ)
৩১ জানুৱাৰী- মে-ডাম-মেফি
১৯ ফেব্ৰুৱাৰী- বীৰ চিলাৰায় দিৱস
২১ মাৰ্চ- দৌলযাত্ৰা
১৪, ১৫, ১৬ এপ্ৰিল- বহাগ বিহু
১৯ এপ্ৰিল- গুড ফ্ৰাইডে'
১ মে'- মে' দিৱস
৫ মে'- শ্ৰীদামোদৰদেৱৰ তিথি
১৮ মে'- বুদ্ধ পূৰ্ণিমা
১৯ মে'- শ্ৰীমাধৱদেৱৰ জন্মোৎসৱ
৫ জুন- ঈদ-উল-ফিটৰ
১২ আগষ্ট- ঈদ-উজ-জোহা
১৫ আগষ্ট- স্বাধীনতা দিৱস
২০ আগষ্ট- শ্ৰীমাধৱদেৱৰ তিথি
২৪ আগষ্ট- জন্মাষ্টমী
২ ছেপ্টেম্বৰ- শ্ৰীমন্ত শংকৰদেৱৰ তিথি
২ অক্টোবৰ- গান্ধী জয়ন্তী
৫, ৬, ৭, ৮ অক্টোবৰ- দুৰ্গা পূজা
৮ অক্টোবৰ- শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
১৮ অক্টোবৰ- কাতি বিহু
২৭ অক্টোবৰ- কালী পূজা আৰু দীপাৱলী
২ নৱেম্বৰ- ষট্‌ পূজা
১২ নৱেম্বৰ- গুৰু নানকৰ জন্মদিন
২৪ নৱেম্বৰ- লাচিত দিৱস
২ ডিচেম্বৰ- অসম দিৱস
২৫ ডিচেম্বৰ- খ্ৰীষ্টমাছ