অসম

ৰাজ্যপাল জগদীশ মুখী অসুস্থ, ভৰ্তি কৰা হৈছে এইমছত…

asomiyapratidin
  • অসুস্থ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী।
  • নিউ দিল্লীস্থিত এইমছ হাস্পতালত ভৰ্তি কৰা হৈছে জগদীশ মুখীক।
  • জানিব পৰা মতে, শনিবাৰে অসুস্থ হৈ পৰিছিল তেওঁ।
  • তাৰপাছতে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৰাজ্যপাল মুখীক।
  • বিগত কেইবাদিনো তেওঁ দিল্লীস্থিত বাসভৱনৰ পৰাই এইমছলৈ অহা যোৱা কৰি আছিল।
  • এই ক্ষেত্ৰত অসম ভৱনৰ পৰাই তেওঁৰ বাবে যান-বাহনকে ধৰি সকলো সা সুবিধা আগবঢ়াই থকা হৈছিল, যদিও ৰোগ সন্দৰ্ভত এতিয়াও কোনো কথা ৰাজভৱন বা অসম ভৱনে প্ৰকাশ কৰা নাই।
  • শনিবাৰৰ পুৱা ভাগতে তেওঁক এইমছত ভৰ্তি কৰোৱা হয়।
  • বৰ্তমান চিকিৎসালয়খনৰ ৩০২ নং কোঠাত তেওঁ চিকিৎসাধীন হৈ আছে।
  • বিশেষ সূত্ৰৰ খবৰ মতে, ৰাজ্যপাল গৰাকী কঠিন ৰোগত আক্ৰান্ত।