অসম পালেহি নৱ নিযুক্ত ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়াঃ বুধবাৰে ১১ বজাত কৰিব শপতগ্ৰহণ
অসম পালেহি নৱ নিযুক্ত ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়াঃ বুধবাৰে ১১ বজাত কৰিব শপতগ্ৰহণ 
অসম

অসম পালেহি নৱ নিযুক্ত ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়াঃ বুধবাৰে ১১ বজাত কৰিব শপতগ্ৰহণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমত উপস্থিত হ'লহি নৱ নিযুক্ত ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া। আজি সপত্নীক গুৱাহাটীত উপস্থিত হোৱা নৱনিযুক্ত ৰাজ্যপালগৰাকীক গুৱাহাটীত আৰদৰণি জনাই অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে।

নৱ নিযুক্ত ৰাজ্যপালগৰাকীক আদৰণি জনাবলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়গৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, ইউ জি ব্ৰহ্ম, বিমল বৰা, ভৱেশ কলিতা আৰু আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়া।

বুধবাৰে দিনৰ ঠিক ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৱ নিযুক্ত ৰাজ্যপালগৰাকীয়ে শপতগ্ৰহণ কৰিব। অসমৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিবলগীয়া গুলাবচান্দ কাটাৰিয়াই ইয়াৰ পূৰ্বে ৰাজস্থানৰ গৃহ, গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বিৰোধী দলৰ দলপতিৰ ভূমিকাও পালন কৰিছিল।

১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্মগ্ৰহণ কৰা কাটাৰিয়াই ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২০১৪ ৰ পৰা ২০১৮ লৈ তেওঁ আছিল ৰাজস্থানৰ গৃহ বিভাগৰ মন্ত্ৰী।