অসম

শিক্ষাৰ্থীৰ যোগ্যতা ভিত্তিক নিযুক্তি সুনিশ্চিত কৰাই আমাৰ চৰকাৰৰ লক্ষ্য – সৰ্বানন্দ সোণোৱাল

asomiyapratidin

ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে পুনৰ অনুষ্ঠিত পৰীক্ষা সুকলমে অনষ্ঠিত হৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ, আৰক্ষী সঞ্চালক প্ৰধান, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগতে পৰীক্ষাৰ লগত জড়িত সমূহ বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে ।

সোণোৱালে কয় যে আৰক্ষী উপ পৰিদৰ্শকৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিচে । ৰাজ্য চৰকাৰে আৰম্ভনিৰে পৰা মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী সকলে যাতে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছে । ইয়াৰ ফলত যোৱা চাৰে চাৰি বছৰত ৮০ হাজাৰতকৈ অধিক যুৱক যুৱতীয়ে সম্পূৰ্ন মেধাৰ ভিত্তিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে ।

ৰাজ্য চৰকাৰে শাসন ভাৰ লোৱাৰে পৰা সকলো ধৰনৰ অনিয়ম তথা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰিছে বুলি উল্লেখ কৰি সোণোৱালে কয় মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী সকলে যাতে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰাৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিচে আৰু ভবিষ্যতে গুৰুত্ব প্ৰদান কৰি যাব বুলি মন্তব্য কৰে ।