অসম

কোনো নথি-পত্ৰ জমা নিদিয়াকৈ ১০হাজাৰ টকাৰ ঋণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোনো নথি-পত্ৰ জমা নিদিয়াকৈ আপুনি লাভ কৰিব পাৰে ১০হাজাৰ টকাৰ ঋণ। চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰিছে এটা নতুন স্কীম। এই স্কীমৰ সুবিধা লাভ কৰিব পাৰিব ফুটপাথৰ ব্যৱসায়ীসকলৰ লগতে আন ক্ষুদ্ৰ ব্যৱসায়ীসকলে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী স্বনিধি স্কীমৰ যোগেদি এঊই ঋণ প্ৰদান কৰা হৈছে। ১২টা মাহত কিস্তি কিস্তিকৈ এই ধন উভতাই দিব লাগিব। লকডাউনৰ সময়চোৱাত বন্ধ হৈ পৰা ব্যৱসায় আৰম্ভ কৰিব পৰাকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলক কিছু সকাহ প্ৰদানৰ উদ্দেশ্য এই আচঁনিৰ কথা ঘোষণা কৰিছিল কিছুদিনৰ পূৰ্বে।