অসম

গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ ছিপাঝাৰ ধলপুৰৰ গৰুখঁটিত উচ্ছেদৰ নামত নিৰ্মম গুলিচালনাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিলম্বণৰ লগতে নিহত-আহত সকলৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবীত শুকুৰবাৰে মঙলদৈত উপায়ুক্তৰ কাৰ্যালয় সন্মুখত কংগ্ৰেছে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, আব্দুল খালেক, উপ-দলপতি ৰকিবুল হুচেইন, কাৰ্য্যকৰী সভাপতি ৰানা গোস্বামী,বিধায়ক বসন্ত দাস,কমলাক্ষ্য দে' পুৰকায়স্থ, জাকিৰ হুছেইন সিকদাৰ, আব্দুল ৰচিদ,নৰুল হুদা,আদি নেতাই অংশগ্ৰহণ কৰে।

তেওঁলোকে কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ পৰা বিভিন্ন শ্লোগান আওৰাই পদব্ৰজে উপস্থিত হয় উপায়ুক্তৰ কাৰ্যালয়ত। প্ৰথমে প্ৰতিবাদকাৰী সকলক নিৰাপত্তাৰক্ষীয়ে উপায়ুক্ত কাৰ্যালয়ত প্ৰবেশত বাধা প্ৰদান কৰে যদিও প্ৰতিবাদকাৰীসকলে বল প্ৰয়োগ কৰি উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ।সেই সময়তে উপায়ুক্ত কাৰ্যালয়ৰ মূল দুৱাৰ বন্ধ কৰি ৰাখে।

অৱশেষত মূল দুৱাৰ মুখতে বহিপৰে প্ৰতিবাদকাৰীসকল। প্ৰতিবাদীসকলে তাতেই প্ৰায় আধা ঘন্টা সময় ধৰি বিভিন্ন শ্লোগান আওৰাই প্ৰতিবাদ কৰে। অৱশেষত জিলা উপায়ুক্ত প্ৰভাতি থাউচেনে মূল দুৱাৰ মুখলৈ আহি ৰাজ্যপাললৈ লিখা স্মাৰক পত্ৰ গ্ৰহণ কৰে।