অসম

৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গৰৈমাৰীৰ ঘোঁৰামাৰাত সমন্বয় মহোৎসৱ…

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ ঘোঁৰামাৰা মাতৃ সংঘৰ উদ্যোগত আনন্দ বজাৰৰ সহযোগত ঘোঁৰামাৰাস্থিত আনন্দ বজাৰ প্ৰাংগণত অহা ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 'সমন্বয় মহোৎসৱ' অনুষ্ঠিত কৰিবলৈ উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাইছে৷ কাৰ্যসূচী অনুসৰি ৯ জানুৱাৰীৰ পুৱা ৮ বজাত স্বচ্ছ ভাৰত অভিযান অনুষ্ঠানটি পৰিচালনা কৰিব নুৰুল ইছলামে৷ ৯ বজাত পতাকা উত্তোলন কৰিব ঘোঁৰামাৰা এম ই স্কুলৰ অৱসৰী প্ৰধান শিক্ষক আলহাজ দিদাৰ হুছেইন আৰু অৱসৰী শিক্ষক আফাজ উদ্দিন খানে৷

৯.৩০ শ্বহীদ তৰ্পনৰ পিচতে অনুষ্ঠানৰ দ্বাৰ মুকলি কৰিব জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ডেকা৷ এঘাৰ বজাৰ পৰা বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হ'ব৷ সন্ধিয়া সাংস্কৃতি কাৰ্যসূচী অনুষ্ঠিত হ'ব৷ ১০ জানুৱাৰীৰ পুৱা সমাজ সেৱা, ভেছন প্ৰতিযোগিতা৷ বিয়লি 'ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০য়ে ভাৰতবৰ্ষৰ নতুন যুগৰ সুচনা কৰিব'৷ 'সামাজিক মাধ্যমে যুৱ সমাজক বিপথে পৰিচালনা কৰিছে' শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ ১১ জানুৱাৰীৰ পুৱা ৯ বজাত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব৷ ২ বজাত আন্তঃবিদ্যালয় আৰু মহাবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷

বিয়লি নূৰ ইছলামৰ সঞ্চালনাত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব৷ সভাত মুখ্য অতিথি হিচাপে অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই, অসম কৃষি বিভাগৰ যুটীয়া সঞ্চালক ভাৰত চন্দ্ৰ ৰাজবংশী, বকো মহকুমা কৃষি বিষয়া চন্দ্ৰধৰ কলিতা, বকোৰ জ্যেষ্ঠ কৃষি বিষয়া দীপক কুমাৰ ডেকা, নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠকৰ সৈতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ নিশা গীত-মাত অনুষ্ঠিত হ'ব৷

উল্লেখ্য যে, কাৰ্যসূচীৰ লগতে সংগতি ৰাখি ঘোঁৰামাৰা হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক আফাজ উদ্দিন খান, গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয়ৰ অধ্যাপক ৰঞ্জনজ্যোতি দাসক শিক্ষক সন্মান বঁটা৷ অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইক যুৱ শক্তি বঁটা, কৃষি আদৰ্শ বঁটা ভাৰত চন্দ্ৰ ৰাজবংশী, চন্দ্ৰধৰ কলিতাক প্ৰদান কৰিব৷ আনহাতে, হৃষীকেশ শৰ্মাক মানৱ সম্পদ বঁটা, মানস প্ৰতিম দাসক সমাজ কল্যাণ, আৰক্ষী বিষয়া কপিল পাঠকক সূৰ্য্য বঁটা, কিশোৰ কলিতাক যুৱ আদৰ্শ, ভৃগু কাশ্যপক যুৱ শিল্পী, মণিষা ডেকাক যুৱ প্ৰতিভা, পিংকু কলিতাক ক্ৰীড়া সন্মান বঁটাৰে সন্মানিত কৰিব৷