অসম

গৰৈমাৰীত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন…

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী সত্ৰ গাঁৱত মঙলবাৰে জানুৱাৰীত বিধায়ক পুঁজিৰ ধনেৰে এটি পথ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়৷ জানিব পৰা মতে, বিধায়ক পুঁজিৰ আৱণ্টিত দুই লাখ পঞ্চাশ হাজাৰ টকা ব্যয় সাপেক্ষে গৰৈমাৰী উন্নয়ন খণ্ড কাৰ্যালয়ৰ অধীনস্থ গৰৈমাৰী সত্ৰ গাঁৱৰ মহৰ আলীৰ ঘৰৰ পৰা গৰৈমাৰীৰ গড়কাপ্তানি পথলৈ যোৱা পথটো নিৰ্মাণৰ বাবে ফিটা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ছামচুল হকে৷

আধাৰশিলা অনুষ্ঠানত ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি নজমুল হক, গৰৈমাৰীৰ ফখৰুদ্দিন আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি-সাধাৰণ সম্পাদক জায়দুল ইছলাম, আব্দুল কৰিম, সমাজকৰ্মী আয়নাল হক মোল্লা, ৱাৰ্ড সদস্য লালচান আলী, বানিছ আলী, চানমিঞা কেৰাণী, জিয়াৰুল হক অংশগ্ৰহণ কৰে৷