অসম

গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত ‘সাংবাদিকৰ সজাগতা যাত্ৰা’…

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও আৰু বকো সমষ্টিৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চল সামূৰি লৈ গঠিত গৰৈমাৰী-কালাতলী-সোণতলী চমুকৈ জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত অঞ্চলটোৰ অবৈধ মদ, ভাং, ড্ৰাগছ, তীৰ-জুৱাখেলকে আদি কৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত শনিবাৰে পুৱাৰে পৰা সন্ধিয়ালৈ বৃহত্তৰ গৰৈমাৰী-সোণতলীত সাংবাদিকসকলে এখনি 'সজাগতা যাত্ৰা' অনুষ্ঠিত কৰা হয়৷

উল্লেখ্য যে, ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী, চাম্পুপাৰা, জোৰশিমুলী, হাঁহচৰী, চৌতাৰা, ভাউৰিয়াভিঠা, কালাতলী, ডেকাচাং, টুপামাৰী, মালিবাৰী, ৰাংগাপানী, সোণতলী আদি অঞ্চলত সম্প্ৰতি ব্যাপক হাৰত অবৈধ মদ, জুৱা, ভাং, তীৰ, ড্ৰাগছ, নাৰীৰ বেহা আদি অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে৷ সমষ্টি দুটাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলত একাংশ অসাধু চক্ৰৰ বাবে গা কৰি উঠা বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে স্থানীয় সচেতন মহল ভৱিষ্যৎ প্ৰজন্মক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে৷

ছয়গাঁও আৰু বকো বিধানসভা সমষ্টিৰ উল্লেখিত অঞ্চলৰ বিভিন্ন হাট-বজাৰ, তিনিআলি নাইবা চাৰিআলি চ'কত একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে নিৰ্বিঘ্নে চলাই গৈছে অবৈধ বেহাসমূহ৷ এই তীৰখেলৰ কৱলত পৰি গ্ৰামাঞ্চলৰ বহুলোক ইতিমধ্যে সৰ্বস্বান্ত হৈ পৰিছে৷ ইয়াৰোপৰি অবৈধ তীৰখেলৰ কবলত পৰিছে গ্ৰামাঞ্চলৰ বিদ্যালয় তথা মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী-শিক্ষক, ঠেলাচালক তথা দিন-হাজিৰা কৰা লোকসকল৷ অতি কম সময়ৰ ভিতৰতেই অধিক লাভৱান হোৱাৰ আশাত অবৈধ তীৰ খেলৰ লগত জড়িত হৈ বহুলোক সৰ্বস্বান্ত হৈ পৰাত তেওঁলোকৰ পৰিয়ালৰ মাজত অমানিশা নামি আহিছে৷

প্ৰশাসনৰ জ্ঞাতসাৰত গ্ৰামাঞ্চলত নিৰ্বিঘ্নে চলাই থকা তীৰ খেলৰ কবলত পৰি আৰ্থিকভাবে জুৰুলা হৈ পৰা বহুলোকে ইতিমধ্যে নিজৰ ঘৰ-মাটি বিক্ৰী কৰি গুৱাহাটী নাইবা বহিঃৰাজ্যত দিন হাজিৰা কৰিব লগা হৈছে৷ ইয়াৰোপৰি গ্ৰামাঞ্চলত ক্ৰমান্বয়ে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মদ, ড্ৰাগছ আৰু গাঞ্জা সেৱনকাৰীৰ সংখ্যা৷ সমাজৰ একাংশ বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা আৰম্ভ কৰি যুৱ-প্ৰজন্ম তথা একাংশ শিক্ষকে নিৰ্বিঘ্নে মদ সেৱন কৰি গ্ৰামাঞ্চলৰ সামাজিক পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

গ্ৰামাঞ্চলৰ একাংশ অশিক্ষিত আৰু শিক্ষিত যুৱকে চিগাৰেটৰ ভিতৰত গাঞ্জা ভৰাই সেৱন কৰাটো অন্য এক সংস্কৃতিত পৰিণত হৈছে৷ উল্লেখ্য যে ছয়গাঁও আৰু বকো প্ৰশাসনে গ্ৰামাঞ্চলৰ অসামাজিক কাৰ্যকলাপ বন্ধ নকৰাৰ পৰিপ্ৰেক্ষিতত উপায়ান্তৰ হৈ যোৱা ৩১ ডিচেম্বৰত স্থানীয় সাংবাদিকসকল গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ জানিব পৰামতে ছয়গাঁও আৰু বকো সমষ্টিৰ গ্ৰামাঞ্চলত প্ৰশাসনৰ জ্ঞাতসাৰে চলি থকা বিভিন্ন অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত শনিবাৰে জি কে এছ (গৰৈমাৰী-কালাতলী-সোণতলী) প্ৰেছ ক্লাবৰ উদ্যোগত বৃহত্তৰ গৰৈমাৰী-সোণতলী অঞ্চল সামৰি সাংবাদিকসকলে ই-ৰিক্সালৈ এখনি সজাগতা যাত্ৰা উলিয়ায়৷

সাংবাদিকসকলে ১২খনকৈ ই-ৰিক্সালৈ পুৱা জি কে এছ প্ৰেছ ক্লাবৰ সন্মুখৰ পৰা যাত্ৰা আৰম্ভ কৰে৷ সাংবাদিকসকলে ই-ৰিক্সাত বেনাৰ আৰি, লাউটস্পীকাৰ লগাই ছয়গাঁও-বকোৰ সংখ্যালঘু এলেকাৰ অসামাজিক কাৰ্যকলাপ ৰোধ কৰা, অঞ্চলটোৰ মদ, ভাং, ড্ৰাগছৰ প্ৰচলন বন্ধ কৰা, গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাব জিন্দাবাদ, অঞ্চলটোৰ অবৈধ জুৱা-তীৰ খেল বন্ধ কৰা, গৰৈমাৰী, সোণতলী অঞ্চলক অসামাজিক কাৰ্যকলাপৰ পৰা ৰক্ষা কৰা, দ্ৰুতগতিত বৃদ্ধি পোৱা মদ, ড্ৰাগছৰ প্ৰচলন ৰোধ কৰা আদি শ্ল'গান দি গৰৈমাৰী, সোণতলী অঞ্চলৰ পৰিবেশ মুখৰিত কৰি তোলে৷

ইয়াৰোপৰি 'সাংবাদিকৰ সজাগতা যাত্ৰা' কাৰ্যসূচীত সৰ্বসাধাৰণ ৰাইজক সজাগ কৰি তোলাৰ উদ্দেশ্যে আচলপাৰা বজাৰ, জোৰশিমুলী সাপ্তাহিক শণিবৰীয়া বজাৰ, সোণতলী বজাৰ, কালাতলী বজাৰ আৰু চৌতাৰা বজাৰত একোখনকৈ পদসভা অনুষ্ঠিত কৰা হয়৷ কাৰ্যসূচীত জি কে এছ প্ৰেছ ক্লাবৰ সমূহ সদস্যবৃন্দৰ সৈতে উপদেষ্টাদ্বয় আব্দুৰ ৰহমান, আজাদ ওচমান গণি, আব্দুল মজিদ, সভাপতি আমিন ময়নুল হক, সম্পাদকদ্বয় নুৰুল ইছলাম (প্ৰশাসনিক), নয়ান আলী প্ৰমুখ্যে অঞ্চলটোৰ উদীয়মান যুৱকদ্বয় আব্দুল বাতিন, জাহিদুল ইছলাম, তহুৰুদ্দিন, ৰফিকুল ইছলাম, অৱনি কলিতা অংশগ্ৰহণ কৰে৷