অসম

গৰৈমাৰীত ইছলামধৰ্মাৱলম্বীক পবিত্ৰ ঈদৰ খাদ্য সামগ্ৰী প্ৰদান

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদ দলৰ গৰৈমাৰীস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত পবিত্ৰ ৰমজানৰ ঈদ উপলক্ষে শনিবাৰে দলৰ পৰা দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ উল্লেখ্য যে, মহামাৰী কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ একপ্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷

ইপিনে ছয়গাঁও সমষ্টিৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলৰ অধিকাংশই বিশেষকৈ দিন-হাজিৰা, সাধাৰণ ব্যৱসায়ৰ লগতে সৰু-সুৰা খেতি-বাতি কৰাকে ধৰি বহুলোক আৰ্তনাদ দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ তে'নেক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ ফলত অঞ্চলটোৰ বিশেষকৈ দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সমস্যাই দেখা দিছে৷

আনহাতে লকডাউনৰ সময়ছোৱাত ল'বলগীয়া সামাজিক দূৰত্ব অৱলম্বন কৰি অগপৰ গৰৈমাৰীৰ কাৰ্যালয়ত পবিত্ৰ ৰমজানৰ ঈদ উপলক্ষে শণিবাৰে গৰৈমাৰীৰ দুশটা দৰিদ্ৰ পৰিয়ালৰ মাজত জহা চাউল, চেনী, গাখীৰৰ পেকেট আদি সামগ্ৰী বিতৰণ কৰে৷ কাৰ্যসূচীত জ্যেষ্ঠ অগপ নেতাদ্বয় যথাক্ৰমে আব্দুৰ ৰহমান, দোস্ত হাবিবুৰ ৰহমান, আব্দুল হালিম, আক্কাছ আলী আহমেদ, নুৰুল ইছলাম প্ৰমূখ্যে দলীয় কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে৷

আনহাতে গৰৈমাৰী মণ্ডল বিজেপিৰ সভাপতি আক্ৰাম হুছেইনে শণিবাৰে ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ বিভিন্ন গাঁও পঞ্চায়তত উপস্থিত হৈ তিনি শতাধিক দৰিদ্ৰ লোকৰ মাজত পবিত্ৰ ঈদ উপলক্ষে শেৱাই, চেনী, বাদাম, কিচমিচ্ আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।