অসম

গৰৈমাৰীৰ কাণহাৰাত কোৰোনাত আক্ৰান্ত কিশোৰী…

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাণহাৰাত শুকুৰবাৰে এগৰাকী কিশোৰী কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে গৰৈমাৰীৰ কাণহাৰা গাঁৱৰ মকদম আলীৰ কন্যা মৰ্জিনা খাতুন (১৭) নামৰ কোৰোনাত আক্ৰান্ত কিশোৰীগৰাকীক এসপ্তাহমান পূৰ্বে ছয়গাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬(এ) ধাৰা আৰু ১৭৪/'২০ নম্বৰৰ গোচৰৰ ভিত্তিত আটক কৰি গুৱাহাটীৰ জালুকবাৰীস্থিত জিলা শিশু আৱাসলৈ প্ৰেৰণ কৰিছিল৷

কিশোৰী মৰ্জিনা খাতুনে আৰক্ষী-প্ৰশাসনৰ চকুত ধুলি দি শিশু আৱাসৰ পৰা পলায়ন কৰিছিল৷ উল্লেখ্য যে সেইসময়ত জালুকবাৰীস্থিত জিলা শিশু আৱাসত চিকিৎসকে কিশোৰীগৰাকীৰ ছৱাব সংগ্ৰহ কৰিছিল৷ উক্ত ছোৱাব পৰীক্ষাৰ অন্তত কিশোৰীগৰাকীৰ শৰীৰত মাৰাত্মক কোৰোনা পজিটিভ ধৰা পৰে৷

জানিব পৰামতে শুকুৰবাৰে গৰৈমাৰী আৰক্ষী-প্ৰশাসনৰ সহযোগত স্বাস্থ্য বিভাগে কিশোৰীগৰাকীক নিজগৃহৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পতাঞ্জলি কোভিড চিকিৎসালয়লৈ নিয়া বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে কিশোৰীগৰাকীয়ে জালুকবাৰীস্থিত জিলা শিশু আৱাসৰ পৰা পলাই গৈ অঞ্চলটোৰ বহু লোকৰ সংস্পৰ্শলৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷