অসম

এন আৰ চিৰ শুনানিলৈ অহা লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ শুনানিৰ বাবে দুৰণিবটীয়া ঠাইৰ পৰা দক্ষিণ কামৰূপৰ গৰৈমাৰীলৈ অহা লোকসকলৰ মাজত স্থানীয় একাংশ যুৱকে বুধবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে৷ জানিব পৰা মতে উৎকট গৰমৰ মাজত এন আৰ চিৰ শুনানিৰ বাবে বৃদ্ধ-শিশু-মহিলাসহ বহুসংখ্যক লোক আলোপতি চৰ, নগৰবেৰা, ডেকাচাং, শিমুলীতোলা আদি ঠাইৰ পৰা বুধবাৰে পুৱা ছয়গাঁৱৰ মাজৰটোপ গাঁও পঞ্চায়তৰ এন এছ কে কেন্দ্ৰত উপস্থিত হয়৷

পিচত 'সামাজিক প্ৰগতি সংগ' চমুকৈ এছ পি এছ, কামৰূপ গ্ৰাম্য জিলা যুৱ কংগ্ৰেছ, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাই সাধ্য অনুযায়ী এন আৰ চিৰ শুনানিৰ বাবে অহা লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানীৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে৷

সমাজ সেৱাত জড়িত গৰৈমাৰীৰ উদীয়মান যুৱক যথাক্ৰমে আব্দুৰ ৰহমান, কাদেৰ সৰকাৰ, ছাইফুল ইছলাম, শ্বহিদুৰ ৰহমানসহ আটাইকেইজনক ৰাইজে প্ৰশংসা কৰিছে৷