অসম

গৰৈমাৰীৰ মানসিক বিকাৰগ্ৰস্ত যুৱক তেজপুৰৰ পৰা সন্ধানহীন

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাজৰটোপ গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱক এগৰাকী তেজপুৰৰ মানসিক চিকিৎসালয়ৰ পৰা সন্ধানহীন হৈছে৷ জানিব পৰা মতে দীৰ্ঘদিনৰে পৰা মানসিক ৰোগত আক্ৰান্ত হোৱা গৰৈমাৰীৰ মাজৰটোপ গাঁৱৰ মুন্নাফ আলীৰ পুত্ৰ শ্বহিদুল ইছলাম (২৭)ক পৰিয়ালৰ লোকে কিছুদিন পূৰ্বে তেজপুৰৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰায়৷

মানসিক বিকাৰগ্ৰস্ত শ্বহিদুল ইছলাম যোৱা ৪ ডিচেম্বৰত তেজপুৰৰ মানসিক চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ ইপিনে পৰিয়ালৰ উপৰি চিকিৎসালয় কৰ্তৃপক্ষই বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও যুৱকগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই৷

পাঁচ ফুট উচ্চতাৰ শুভ্ৰ বৰণৰ শ্বহিদুল ইছলাম নিৰুদ্দেশৰ সময়ত লংপেন্ট আৰু গাত হায়নেক (গৰম কাপোৰ) পৰিধান কৰিছিল৷ কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কোনো সন্ধান পালে ৬০০২১-৭৫৬০২ নম্বৰত নতুবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷