অসম

গৰৈমাৰীৰ হাতেম চৌধুৰী শিশু নিকেতনৰ বাৰ্ষিক অধিবেশন

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গৰৈমাৰীৰ হাতেম চৌধুৰী শিশু নিকেতনৰ ২০সংখ্যক বিদ্যালয় সপ্তাহৰ বাৰ্ষিক অধিবেশনৰ বঁটা বিতৰণী আৰু মুকলি সভাখন শণিবাৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়৷ জানিব পৰামতে বঁটা বিতৰণী আৰু মুকলি সভাৰ আৰম্ভণিতে কোৰাণ পাঠৰ পিচতে শিক্ষাৰ্থী আশফাক চৌধুৰীয়ে বৰগীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে৷

বিদ্যালয়ৰ শিক্ষাৰ্থী আশফাক চৌধুৰীয়ে পৰিচালনা কৰা সম্বৰ্ধনা সভা আৰু গৰৈমাৰীৰ হাতেম চৌধুৰী শিশু নিকেতনৰ অধ্যক্ষ ৰফিক চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ আবুল কালাম আজাদ, ডেকাচাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আমিনুল ইছলাম, ছয়গাঁৱৰ গ্ৰামীণ চাহাৰাৰ সচিব শৰৎ চন্দ্ৰ দাস, কাশ্মীৰৰ শ্বেৰ-ই-কাশ্মীৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী ডাঃ আব্দুৰ ৰেজ্জাক চৌধুৰী, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক এম ছি বাবু, সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণি, শ্বাহনাৱাজ হুছেইন প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷