অসম

সোণতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক-সক্ৰিয় সমাজকৰ্মী ছমছেৰ আলীৰ মৃত্যুত শোক

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়াপাম গাঁও নিবাসী তথা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, অঞ্চলটোৰ সক্ৰিয় সমাজকৰ্মী ছমছেৰ আলী (৬৮)ৰ মঙলবাৰে দিনৰ প্ৰায় ১ বজাত আকস্মিকভাৱে নিজ বাসভৱনত মৃত্যু হয়৷ উল্লেখ্য যে, ছমছেৰ আলীয়ে গুৱাহাটী কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত আৰু স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়৷ পিচত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান বিষয়ত অধ্যয়ন কৰি সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰাৰ সমান্তৰালকৈ সক্ৰিয়ভাৱে সমাজ সেৱাত জড়িত হৈ পৰে৷

উল্লেখ্য যে, শিক্ষকতাৰ উপৰি অঞ্চলটোৰ সামাজিক কামকাজত ওতঃপ্ৰোতভাৱে জড়িত হোৱা ছমছেৰ আলীয়ে সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণিৰ সংগ লৈ বিভিন্ন কাম কাজত জড়িত হৈছিল। পৰৱৰ্তী সময়ত 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ পৰামৰ্শ অনুসৰি অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধানকল্পে বিভাগীয় কাৰ্যালয়ৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল ছমছেৰ আলীয়ে৷

মুঠতে অতিকৈ ভিতৰুৱা অঞ্চলত বসবাস কৰাৰ পিচতো জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখি শিক্ষক ছমছেৰ আলীয়ে সামাজিক কামকাজত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ আনকি তেওঁৰ মৃত্যুকালপৰ্যন্ত অবিবাহিত আছিল৷ মৃত্যুৰ পূৰ্বে তেওঁ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন সম্পাদক আছিল৷ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ছমছেৰ আলীৰ আকস্মিক মৃত্যুত শিক্ষাদান কৰা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷