অসম

জোৰশিমুলীৰ পুৰাণকুঁছিয়াত পানীত পৰি দুই শিশুৰ কৰুণ মৃত্যু..

asomiyapratidin


ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত পুৰাণকুঁছিয়াত মঙলবাৰে পুখুৰীৰ পানীত পৰি দুটা শিশুৰ কৰুণভাৱে মৃত্যু ঘটে৷ জানিব পৰামতে জোৰশিমুলীৰ পুৰাণকুঁছিয়া গাঁৱৰ জাহিদুল ইছলামৰ পুত্ৰ শাকিল খন্দকাৰ (৩), একেগাঁৱৰে সম্পৰ্কীয় শ্বাহ আলম খণ্ডকাৰৰ কন্যা আফ্ৰিন পাৰবীন (৩) নামৰ শিশু দুটা মঙলবাৰে আকস্মিকভাৱে ঘৰৰ পৰা নিৰুদ্দেশ হয়৷

ইপিনে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও শিশু দুটাৰ কোনো সন্ধান উলিয়াব নোৱাৰে৷ অৱশ্যে পৰিয়ালৰ লোকে ঘৰৰ ওচৰতে থকা পুখুৰী এটাৰ পানীৰ পৰা দুয়োকে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও পৰীক্ষা-নিৰীক্ষাৰ অন্তত ইতিমধ্যে শিশু দুটাৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে৷

কণমাণি শিশু দুটাৰ শোকাৱহ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷