অসম

গোলকগঞ্জত গা ধুবলৈ গৈ সন্ধানহীন দুই ভগ্নী

asomiyapratidin

ডিজিটেল সংবাদ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হ'ল এক কৰুণ ঘটনা। গোলকগঞ্জ চহৰখনৰ কাষেৰে বৈ যোৱা গংগাধৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুটি শিশুৰ।

সন্ধানহীন হোৱা শিশুদুটি বায়েক-ভনীয়েক আছিল। শিবু মাহাতোৰৰ দুই কন্যা ক্ৰমে তুলসী মহাতো আৰু ঝুম্পা মহাতোৰ সন্ধানত ৰাইজৰ লগতে SDRFৰ জোৱানে অভিযান আৰম্ভ কৰিছে।

জ্যেষ্ঠ কন্যা তুলসী লক্ষীমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অধ্যয়নৰত আৰু ঝুম্পা মহাতো হৰিস প্ৰধানী প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল।