গোলাঘাট

চকুত কাপোৰ বান্ধি ৮০ বছৰীয়া বৃদ্ধক নৃশংস হত্যা, ৬ মাহ পূৰ্বে পত্নীৰো প্ৰাণ লৈছিল দুৰ্বৃত্তই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ বাদুলিপাৰৰ বুঢ়াগাঁৱত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি । ঘৰৰ ভিতৰতে কাপোৰেৰে চকু বান্ধি হত্যা কৰিলে এগৰাকী ৮১ বছৰীয়া বৃদ্ধক। বুধবাৰে পোহৰলৈ আহে এই ঘটনায়

যোৱা ছয় মাহৰ পূৰ্বে একেটা ঘৰতে উদ্ধাৰ হৈছিল ব্যক্তিজনৰ পত্নীৰ মৃতদেহ। এই ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মৃত ব্যক্তিগৰাকীৰ নাম কোষেশ্বৰ গগৈ।

অৰুণাচল চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজন অকলেই আছিল ঘৰত। ব্যক্তিজনৰ বিবাহিত কন্যাই আনদিনাৰ দৰে মঙলবাৰেও ফোন কৰিছিল পিতৃক। কিন্তু কেইবাবৰো ফোন কৰাৰ পিছতো দেউতাকৰ কোনো সঁহাৰি নাপাই ওচৰৰ দুজনমানলৈ ফোন কৰাত তেওঁলোকে নিশা ঘৰৰ কোঠাত তেজেৰে লুটুৰি-পুটুৰি হৈ মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে ব্যক্তিজনক ৷

ইয়াৰ পিছতে গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীক খবৰ দিয়া হয় । ঘটনাস্থলীত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল আৰু দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ লোমহৰ্ষক ঘটনাটোৰ বাবে সমগ্ৰ অঞ্চলটোতে এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে ৷