গোলাঘাট

সৰুপথাৰ সমষ্টিত জনকল্যামূলক আচঁনিৰ শুভাৰম্ভ বিধায়ক বিশ্বজিত ফুকনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অধীনৰ বৃহত্তৰ মৰঙি মৌজাত বিধায়ক বিশ্বজিত ফুকনে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে চৈধ্যটাকৈ জনকল্যামূলক আচঁনি শুভাৰম্ভ কৰে ৷ ইয়াৰে পূব মৰঙি পঞ্চায়তৰ কাঠকটীয়া অঙ্গনৱাদী কেন্দ্ৰ,থুৰাজান অঙ্গনবাড়ী কেন্দ্ৰ, থুৰাজান বাগান জল জীৱন মিচন পানী যোগান আঁচনি, ফলঙনী পঞ্চায়তৰ অধীনৰ মিলন ক্লাবৰ নৱ নিৰ্মিত ভৱন, কৌৱানী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কৌৱানী নামঘৰ চৌহদৰ পকীবেৰা, কৌৱানী আদৰ্শ গাৱঁৰ তোৰণ উদ্বোধন কৰে ৷

ইয়াৰোপৰি ২ নং কোৱানী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা, নতুন কোৱানী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা, ই এণ্ড ডি পুলৰ পৰা নতুন মাটি সংযোগী পথৰ আধাৰশিলা, বগীজান-মুৰফুলনী-থুৰামুখ পথ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে ৷ বিধায়কগৰাকীয়ে পথসমূহৰ নিৰ্মাণ ব'হাগ বিহুৰ আগতেই সম্পূৰ্ণ কৰিবৰ বাবে ঠিকাদাৰক নিৰ্দেশ দিয়ে ।

তেওঁ লগতে পথ নিৰ্মাণৰ সময়ত যাতে ৰাইজৰ অসুবিধা নহয় তাৰ প্ৰতিও সচেতন হোৱাৰ বাবে ঠিকাদাৰক আহ্বান জনায় ৷ বিশেষকৈ দুৰ্গম অঞ্চল হিচাপে নামবৰ অভয়াৰণ্যৰ কাষৰীয়া কৌৱানী অঞ্চলৰ ৰাইজে যাতায়ত, স্বাস্থ্য, শিক্ষা আৰু অনান্য সা-সুবিধাৰ পৰা স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বঞ্চিত হৈ আছিল ৷ বৰ্তমানৰ বিধায়ক বিশ্বজিত ফুকনে কৌৱানী অঞ্চলটোক আদৰ্শ গাঁৱৰ মৰ্যদা দি উন্নয়নৰ দিশে আগুৱাই নিয়া কাৰ্যক ৰাইজে প্ৰশংসা কৰিছে ৷