গোলাঘাট

ধুমুহা: গোলাঘাটৰ মৰঙিত বিস্তৰ ক্ষতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাটৰ মৰঙি মৌজাৰ বিভিন্ন এলেকাত দেওবাৰে দুপৰীয়া প্ৰবল ধুমুহা আৰু বৃষ্টিপাত। বৃষ্টিপাতত অঞ্চলবাসীয়ে বিস্তৰ ক্ষতিৰ সন্মুখীন হয়৷

বিশেষকৈ মৰঙিৰ পোৰাবাংলা, দৈগ্ৰোং, ফলঙনী, বকিয়াল আদি অঞ্চলত বহুকেইটা পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে গছ গছনি ভাঙি বহু ক্ষতি সাধন হয় ৷ হঠাৎ অহা ধুমুহা-বৰষুণৰ ফলত বহুকেইটা পৰিয়ালৰ সৰ্বস্ব নষ্ট হয়।

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক তৎকালীন সাহাৰ্য প্ৰদানৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷