গোলাঘাট

ৰাজনৈতিক নেতাৰ লগত আহাৰ গ্ৰহণেই কাল হ'ল নেকি আছুৰ জিলা সভাপতি-সম্পাদকৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি-সম্পাদকক অব্যাহতি । এবছৰৰ বাবে আছুৰ পৰা অব্যাহতি দিয়া হয় সভাপতি বিশ্বজিত গগৈ আৰু সম্পাদক গীতাৰ্থ শইকীয়াক।

উল্লেখ্য যে ৰাজনৈতিক নেতাৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। মাঘ বিহুৰ উৰুকাৰ দিনা সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনত সংগঠনটোৰ বিষয়ববীয়া, কৰ্মকৰ্তাসকলৰ নিমন্ত্ৰণমৰ্মে কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে আহাৰ গ্ৰহণৰ অনুষ্ঠানত। এই কথা স্পষ্ট হয় অতুল বৰাৰ সামাজিক মাধ্যমৰ পোষ্টৰ যোগেদি। ইয়াৰ পাছতে ৰাজনৈতিক নেতাৰ সৈতে আহাৰ গ্ৰহণ অনুষ্ঠানৰ সন্দৰ্ভত এবছৰৰ বাবে অব্যাহতি দিয়া হয় জিলাখনৰ সভাপতি আৰু সম্পাদকক।

কিন্তু আশ্চৰ্যজনক বিষয় যে এই অনুষ্ঠানত উপস্থিত আছিল আছুৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামী আৰু জিলা কমিটিৰ উপদেষ্টা নিৰঞ্জন সোনোৱালকে ধৰি বহু কেইজন নেতা। কিন্তু তেওঁলোকৰ বিৰুদ্ধে এইপৰ্যন্ত লোৱা হোৱা নাই কোনো ব্যৱস্থা ।

কি কাৰণে তেওঁলোকক ৰেহাই দিয়া হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। লগতে কাৰ নিৰ্দেশমৰ্মে জিলা এখনৰ সভাপতি-সম্পাদকক অব্যাহতিৰ দৰে সিদ্ধান্ত ল'লে সংগঠনটোৱে সেয়া অতি চৰ্চাৰ বিষয় হৈ পৰিছে ।