গোলাঘাট

মেৰাপানীত বুজন পৰিমাণৰ ড্ৰাগছসহ ২ সৰবৰাহকাৰী আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ ক্ৰমাৎ ড্ৰাগছৰ নিষিদ্ধ নগৰীলৈ পৰিণত হৈছে অসম-নগালেণ্ড সীমান্তৰ মেৰাপানী। দেৱালী উৎসৱৰ মাজতেই সোমবাৰে বিয়লি মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফে এখন বাজাজ পালছাৰ বাইকত অহা ২জন ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

মেৰাপানী আৰক্ষী থানাৰ ইছলামপুৰৰ নিবাসী চাবিৰ হুছেইন আৰু চাজিদ আহমেদ নামৰ যুৱক ২জনে গোলাঘাটৰ দিশৰ পৰা মেৰাপানীলৈ আনিছিল ড্ৰাগছসমূহ। এক গোপন সূত্ৰৰ পমখেদি চি আৰ পি এফে পুলিবাগানৰ নিউ মাৰ্কেটত ২ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে।

চি আৰ পি এফৰ তথ‍্য অনুসৰি ২ সৰবৰাহকাৰীৰ পৰা ৫ পেকেট ড্ৰাগছ, এখন নাম্বাৰপ্লেট বিহীন পালছাৰ বাইক, দুটা ম'বাইলফোন জব্দ কৰা হৈছে। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ মূল‍্য ৫ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰিছে। ইতিমধ্যে চি আৰ পি এফ বাহিনীয়ে ২ ড্ৰাগছ সৰবৰাহকাৰীক আৰু ড্ৰাগছৰ সৈতে জব্দ কৰা সামগ্ৰীসমূহ মেৰাপানীৰ আৰক্ষীক চমজাই দিছে।