কাজিৰঙাৰ চম্পা আৰু বনমালা যাব ত্ৰিপুৰালৈঃ বশ কৰিব বন্যহস্তী... 
গোলাঘাট

কাজিৰঙাৰ চম্পা আৰু বনমালা যাব ত্ৰিপুৰালৈঃ বশ কৰিব বন্যহস্তী...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ ত্ৰিপুৰাত হাতী ধৰিবলৈ অসমৰ পৰা যাব চম্পা আৰু বনমালা ৷ ত্ৰিপুৰা চৰকাৰৰ আৱেদনত সহাৰি জনাই চম্পা আৰু বনমালাক ত্ৰিপুৰালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ বন বিভাগে ৷

গোৱালপাৰা আৰু পশ্চিম কামৰূপ বন সংমণ্ডল এলেকাৰ ক্ৰমে বনমালা আৰু চম্পা নামৰ ব্যক্তিগত হাতী দুটা বৰ্তমান ব্যৱহৃত হৈ আছে কাজিৰঙাৰ হাতী ছাফাৰীত। বিশেষভাৱে প্ৰশিক্ষণ প্ৰাপ্ত সাহসী হাতী দুটাক অস্থায়ী ভাৱে বিচাৰিছে ত্ৰিপুৰা চৰকাৰে ৷

বিভাগীয় সূত্ৰমতে ত্ৰিপুৰাৰ খুৱাইত এজাক বন্যহস্তীৰ লগত সংঘাটৰ সৃষ্টি হৈছে মানুহৰ। হাতীৰ জাকটোত থকা দুটা হাতীয়ে আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত৷

গতিকে হাতী দুটা ধৰাৰ বাবে বনমালা আৰু চম্পা নামৰ কুনকী হাতী দুটাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ত্ৰিপুৰা চৰকাৰে অস্থায়ী ভাৱ বিচাৰিছে হাতী দুটা ৷ অসমৰ বনবিভাগৰ সন্মতিক্ৰমে কাজিৰঙাৰ বাগৰিত থকা হাতী দুটাৰ যাৱতীয় পৰীক্ষা নিৰিক্ষা সম্পন্ন কৰে গোৱালপাৰা আৰু পশ্চিম কামৰূপৰ পৰা অহা বন বিষয়াই ৷

বিষয়াদ্বয়ৰ মতে উদ্দেশ্য সম্পন্ন হ’লে হাতী দুটা পুনৰ ঘূৰাই অনা হ’ব অসমলৈ। দুই এদিনতে ত্ৰিপুৰালৈ প্ৰেৰণ কৰা হ’ব চম্পা আৰু বনমালাক ৷