গোলাঘাট

বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱসৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল, সংবাদ, গোলাঘাট : ঋতুস্ৰাৱৰ সময়ত ছাত্ৰী আৰু মহিলাসকলে গ্ৰহণ কৰিব লগীয়া প্ৰয়োজনীয় স্বচ্ছতা আৰু ইয়াৰ সৈতে জড়িত অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এখনি সজাগতা সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ অধ্যক্ষ মাংৰা উৰাঙৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনিত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে বৰজান চাহ বাগিচাৰ জেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনন্ত বৰুৱাই।

বিদ্যালয়ৰ জেষ্ঠ শিক্ষয়িত্ৰী মিনতি গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত বৰজান চাহ বাগিচা চিকিৎসালয়ৰ কেইবাগৰাকী চিকিৎসাকৰ্মী উপস্থিত থাকে। জ্যেষ্ঠ চিকিৎসক ডাঃ অনন্ত বৰুৱাই ঋতুস্ৰাৱৰ সময়ত মহিলাৰ স্বচ্ছতাৰ অভাৱৰ ফলত হ'ব পৰা সম্ভাব্য ৰোগ আৰু এইক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কে ছাত্ৰীসকলক বিশদ ভাবে অৱগত কৰে।

বিশেষকৈ ঋতুস্ৰাৱৰ সময়ত ছেনিটাৰী পেডৰ ব্যৱহাৰৰ আৱশ্যকতাৰ ওপৰত জ্যেষ্ঠ চিকিৎসা বিষয়া গৰাকীয়ে উপস্থিত ছাত্ৰীসকলক সৰল ভাৱে বাখ্যা আগবঢ়ায়। সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ ছেনিটাৰী পেড সহজলভ্য আৰু ব্যয়সাধ্য কৰাৰ লগতে পৰ্যাপ্ত বিতৰণৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতও সভাখনিত আলোকপাত কৰা হয়।

সভাৰ শেষত বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুলি বৰা, পৰীস্মিতা বৰা আৰু প্ৰিয়ংকা গগৈৰ নেতৃত্বত বিদ্যালয়ৰ ছাত্ৰীসকলে ঋতুস্ৰাৱৰ সময়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন শ্লোগান সম্বলিত প্লে'কাৰ্ড লৈ বিদ্যালয়ৰ চৌপাশত এক শোভাযাত্ৰা উলিয়াই স্থানীয় মহিলাসকলৰ মাজতো সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে।