জাকে জাকে গৰুৰ অবাধ বিচৰণ
জাকে জাকে গৰুৰ অবাধ বিচৰণ 
গোলাঘাট

লাম্পি ৰোগৰ সংক্ৰমনৰ সময়তে বুঢ়াপাহাৰত জাকে জাকে গৰুৰ অবাধ বিচৰণকলৈ আতংকিত ৰাইজ

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল এলেকাধীন ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত বন্যজন্তুৰ বিচৰণ সচৰাচৰ দেখিবলৈ পোৱা মনোৰম দৃশ্য ৷

কিন্তু বন্যজন্তুৰ মাজত জাকেজাকে পশুধনৰ অবাধ বিচৰণৰ দৃশ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত ৷ কাৰণ ৰাজ্যত লাম্পি ৰোগৰ সংক্ৰমনে গোপালকৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷

চৰকাৰেও এই ৰোগ নিৰাময়ৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহন কৰিব লগিয়া হৈছে ৷ বিশেষ ভাৱে গোধনৰ শৰীৰত দেখা দিয়া লাম্পি ৰোগৰ সংক্ৰমন চিন্তাৰ কাৰণ হৈ পৰিছে পশু বিশেষজ্ঞৰ মাজত ৷

বিশেষজ্ঞৰ সূত্ৰৰ পৰা জানিব পৰা মতে এই ৰোগ হৰিণা বা ম’হলৈ সহজে বিয়পাৰ সম্ভাৱনা থাকে ৷

এনে পৰিস্থিতিত জাকে জাকে গৰু ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তুৰ লগত বিচৰণ কৰি থকাৰ পাছতো বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ নিৰৱ ভূমিকাই সচকিত কৰিছে সচেতন মহলক ৷

এনিমেল কৰিডৰ

সচেতন মহলৰ মতে এনে এটা সংবেদনশীল বিষয়ত গোপালকৰ মাজত উদ্যান কৰ্তৃপক্ষই সজাগতাৰ সৃষ্টি কৰি ৰাষ্ট্ৰীয় উদ্যানত গোধন প্ৰৱেশ বাৰণ কৰাৰ প্ৰয়োজন ৷

তদুপৰি বন্যজন্তু দাঁতি কাষৰীয়া জনাঞ্চলত বিচৰণ কৰাৰ ক্ষেত্ৰতো বৰ্তমান সময়ত বন বিভাগ সতৰ্ক হোৱাৰ প্ৰয়োজন ৷

বিপৰীতে বনাঞ্চলিক বিষয়া গৰাকীৰ গা এৰা কাণ্ডই বন্যজন্তুৰ নিৰাপত্তাৰ দিশত ভাবুকিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে একাংশই ৷

আনহাতে বিষয়া গৰাকীৰ নিৰ্লিপ্ততাৰ সুযোগলৈ এনিমেল কৰিডৰত ট্ৰাক ৰখাই জিৰণি লৈছে চালকে ৷ বাধা দিয়াৰ বাবে পথচোৱাত বনকৰ্মীৰ অভাৱ বুলিও সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে ৷