গোলাঘাট

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিকিৰক প্ৰতিষ্ঠা কৰাৰ চেষ্টা দেৰগাঁৱৰ শিল্পী ৱাজিদুৰ ৰহমানৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ অন্যতম অলংকাৰ জিকিৰ আৰু জাৰী। এই জিকিৰ-জাৰীক ৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালীভাৱে উপস্থাপন কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ পিছত সুৰীয়া জিকিৰ পোনপ্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হ'ব ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দূৰদৰ্শনত।

জানিবলৈ দিয়া মতে অহা ১৫ ফেব্ৰুৱাৰীত দূৰদৰ্শনত সম্প্ৰচাৰিত হ'ব জিকিৰ। এই জিকিৰৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে । দেৰগাঁৱৰ বালিবাটৰ জিকিৰ-জাৰীৰ শিল্পী ৱাজিদুৰ ৰহমানৰ প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ পৰ্দাত দেখা যাব জিকিৰৰ পৰিৱেশন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই জিকিৰ পৰিৱেশিত হ'ব হিন্দী ভাষাত। ৱাজিদুৰ ৰহমানৰ লগতে এই জিকিৰত অংশ লোৱা অনান্য শিল্পীসকল হৈছে য়াচমিন চুলতানা ৰহমান, শ্বাহীন শ্বাব্ৰীন, জাফ্ৰিনা আখটাৰ, পৰিস্মিতা বৰা, নিতাশ্ৰী বৰা, মুকিবুৰ ৰহমান আৰু বিনোদ দত্ত।

উল্লেখযোগ্য যে ২০২১ বৰ্ষৰ পৰাই জিকিৰ হিন্দী ভাষালৈ অনুবাদ কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে শিল্পী ৱাজিদুৰ ৰহমানে।