খেতিপথাৰত দ্ৰোণেৰে কীটনাশক দ্ৰব্য স্প্ৰে কৃষিমন্ত্ৰীৰ

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ মহুৰাপথাৰত শালিধানৰ খেতিত কীটনাশক দ্ৰব্য দ্ৰোণৰ সহায়ত প্ৰয়োগ কৰা হয়

author-image
Asomiya Pratidin
New Update
খেতিপথাৰত দ্ৰোণেৰে কীটনাশক দ্ৰব্য স্প্ৰে কৃষিমন্ত্ৰীৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ কৃষি যান্ত্ৰিককৰণৰ বাবে বিশেষ পদক্ষেপ কৃষি বিভাগৰ। গোলাঘাট জিলাৰ কমাৰগাঁৱৰ মহুৰাপথাৰত শালিধানৰ খেতিত কীটনাশক দ্ৰব্য দ্ৰোণৰ সহায়ত প্ৰয়োগ কৰা কাৰ্যসূচী সম্পন্ন হয় ৷ বেটাৰীচালিত দ্ৰোণৰ সহায়ত শালিধানৰ পথাৰত কীটনাশক ঔষধ প্ৰয়োগ কৰা কাৰ্যৰ শুভাৰম্ভ কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

Advertisment

উল্লেখ্য যে, খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত পৰীক্ষামূলকভাৱে মহুৰা পথাৰত দ্ৰোণৰ দ্বাৰা কীটনাশক দ্ৰব্য চটিওৱা কাৰ্য ৰূপায়ন কৰা হয়। আনহাতে কৃষি কৰ্মত সুবিধা হোৱাৰ বাবে বৰ্তমানলৈকে অসম চৰকাৰৰ কৃষি বিভাগে ১ লাখ ৭০ হাজাৰ লোকক কৃষি যন্ত্ৰপাতি প্ৰদান কৰিছে।

অনুষ্ঠানৰ মজিয়াৰ পৰাই ভদীয়া বানে ক্ষতি কৰা কৃষকক কমিউনিটি নাৰ্ছাৰীৰ যোগেদি সহায় কৰা আৰু উচিত ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে কৃষিমন্ত্ৰীগৰাকীয়ে। ইপিনে লোড শ্বেডিঙৰ বাবে জনসাধাৰণে অসুবিধা পোৱাৰ সম্পৰ্কে অভিযোগ কৰাৰ কথাও ব্যক্ত কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

Also Read: মায়ং আঞ্চলিক মহাবিদ্যালয়ত ট্ৰেভেল এণ্ড ট্যুৰিষ্ট গাইড শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

ATUL BORA agriculture