অসম

গোলাঘাট শংকৰদেৱ শিশু নিকেতনত তিনিদিনীয়াকৈ প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ অখিল ভাৰতীয় শিক্ষা সংস্থান 'বিদ্যা ভাৰতী'ৰ সংবদ্ধ 'শিশু শিক্ষা সমিতিৰ উদ্যাগত গোলাঘাটত আয়োজন কৰা হৈছে প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলা। জিলাখনৰ নতুন আমোলাপট্টিস্থিত শংকৰদেৱ শিশু নিকেতনত ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে এই জ্ঞান-বিজ্ঞান মেলাৰ।

২০, ২১ আৰু ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আযোজক সকলে। উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ সকলো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আয়োজন কৰা এই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত বিজ্ঞান আৰ্হি প্ৰদৰ্শন, বিজ্ঞান প্ৰশ্ন মঞ্চ, গণিত মেলা আদি কেইবাটিও প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২০ ছেপ্তেম্বৰ শুকুৰবাৰে বিয়লি ৩ বজাত আৰম্ভ হ'ব এই অনুষ্ঠান।

প্ৰথম দিনাৰ বিয়লি ৩ বজাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত। ইফালে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য পৰিযোজনা প্ৰচাৰক ডঃ মুকুল চন্দ্ৰ বৰা, শিশু শিক্ষা সমিতিৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, শিশু শিক্ষা সমিতিৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰো এই অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিবলৈ দিছে আয়োজক সকলে।

প্ৰথম দিনাৰ সন্ধিয়া ৬ বজাত সান্ধ্য বন্দনা আৰু ৬.৩০-৮.৩০ বজালৈ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২১ ছেপ্তেম্বৰ শনিবাৰৰ পুৱা ৯ বজাত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পুতুল চন্দ্ৰ শইকীয়াই উন্মোচন কৰিব বিজ্ঞান আৰু গণিত আৰ্হি প্ৰতিযোগিতা। দ্বিতীয় দিনাও নিশা ৯ বজাৰ লৈকে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব।

২২ ছেপ্তেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব প্ৰতিযোগিতা। ঠিক তেনেদৰে দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখ্য যে, এই অনুষ্ঠানত সকলো লোকৰে উপস্থিতি কামণা কৰিছে বিদ্যালয়ৰ পৰিচালনা সমিতি তথা আয়োজকসকলে।