অসম

গোলাঘাটত দুৰ্গা পূজাৰ মাজতে অঘটন, অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ ব্যৱসায়ীক

asomiyapratidin

ডিজিটেল ডেস্কঃ দুৰ্গাপূজাৰ পবিত্ৰ ক্ষণতে গোলাঘাটৰ এখন টায়াৰৰ দোকানত বৃহস্পতিবাৰে আক্ৰমণ চলালে দুৰ্বৃত্তই। অস্ত্ৰধাৰী ৫ দুৰ্বৃত্তই চলোৱা আক্ৰমণত গুৰুতৰভাৱে আহত হয় দোকানখনৰ স্বত্বাধিকাৰীসহ ২জন কৰ্মচাৰী। ৰডেৰে আক্ৰমণ কৰাৰ বাবে আটাইকেইজন লোকে আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

উল্লেখ্য যে, এখন ই-ৰিক্সাত আহিছিল দুৰ্বৃত্তৰ দলটো। দুৰ্গাপূজাৰ নিৰাপত্তাৰ মাজতে এনেদৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই একাংশ লোকে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।