অসম

গোলাঘাটত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নুমলীগড় শোধনাগাৰৰ তেল পাইপ লাইনৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণৰ সিদ্ধান্তৰ বিৰোধীতা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে বছৰি ১০০০ কোটি টকা লোকচান ভৰি বাংলাদেশলৈ তেল সৰবৰাহ কৰিব বিছৰা হৈছে। ইতিমধ্যে সম্পাদিত হোৱা চুক্তি খন বাতিল কৰিবলৈও প্ৰতিবাদকাৰী সকলে দাবী জনায়।এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি আব্দুল হাচিমে।