অসম

জনজাতিকৰণৰ প্ৰতি চৰকাৰৰ কোনো গুৰুত্ব নাই ! চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ গোলাঘাটঃ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়াৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চুতীয়া যুৱ সন্মিলন অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । দীৰ্ঘদিনৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতি কৰণৰ দাবী জনায় অহা হৈছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি প্ৰতিবাদকাৰী সকলে ক্ষোভেৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তেওঁ লোকে আৰু কয়- কেৱল নিৰ্বাচনৰ সময়তহে জনজাতিকৰণৰ টোপ দি নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ পাছত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিনত হয়। সেইহে প্ৰতিবাদস্থলীৰ পৰা অতি সোনকালে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈ প্ৰতিবাদকাৰী সকলে আহ্বান জনায়। অন্যথা অনাগত দিনত জঙ্গী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হব বুলিও চৰকাৰক সকি