অসম

পঞ্চায়ত নিৰ্বাচনত গোলাঘাটৰ মৰঙিত বিজেপিৰ মুখত হাঁহি

asomiyapratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ অৱশেষত ৰাইজৰ অপেক্ষাৰ অন্ত পৰিল। অশেষ আশাৰে বাট চোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলাল। বহু ঠাইত বিজেপি দলে মাৰিলে বিজয়ৰ বৃহৎ হাঁহি। গোলাঘাট জিলাৰ মৰঙি দখল কৰ বিজেপিয়ে। জিলা পৰিষদৰ সদস্যা পূৰৱী শৰ্মা জয়ী হয় বিপুল ভোটেৰে।

১১ খন পঞ্চায়তৰ ৬খন দখল কৰে বিজেপিয়ে। আনহাতে এখন পঞ্চায়ত অগপ আৰু ৪খন পঞ্চায়ত কংগ্ৰেছে লাভ কৰে। অসমৰ ভিতৰত ডাঙৰ পঞ্চায়ত পংকাৰ ওপৰত সকলোৰে চকু আছিল। এই পঞ্চায়তত আছে ২৫০০ৰ অধিক ভোটৰ অধিকাৰী অসমৰ ভিতৰত আটাইতকৈ ডাঙৰটো ৱাৰ্ড ১নং বিষ্ণুপুৰ ৱাৰ্ড। ভোটগ্ৰহণৰ সময়ত পুৱা ৭বজাৰ পৰা নিশা ৭বজালৈ ভোট প্ৰদান কৰা পিছতো মাত্র ৭০ শতাংশ ভোটাৰেহে নিজা ভোট দিবলৈ সুবিধা পালে।

৩০ শতাংশ ভোটাৰে নিজা ভোট সাব্যস্ত কৰিবলৈ সুবিধাকে নাপালে সময়ৰ অভাৱত। তথাপিও কিন্তু ১৫ বছৰে শাসন কৰা কংগ্ৰেছ আৰু অগপ বৃহৎ প্ৰভাৱ থকা পঞ্চায়তটোত ১০০২ ভোটাৰে বিজয়ৰ শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী বুলু দাসে। আনফালে লেটেকু পঞ্চায়ত বাগান এলেকাত ১০টা ৱাৰ্ডতে হাঁহি মাৰিলে বিজেপিয়ে। ৰংবং পঞ্চায়তত ৪টা ৱাৰ্ডসহ বিজেপিৰ আঞ্চলিক সদস্যা জুনু হাজৰীকা জয়ী হোৱাৰ বিপৰীতে কংগ্রেছৰ প্ৰাৰ্থী প্ৰণামী হাজৰীকাই ৬টা ৱাৰ্ডত জয়ী হয়।