অসম

কমাৰবন্ধাত ২ টা পিষ্টলসহ এন এছ চি এনৰ দুই লিংকমেনক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গিৰিধৰ বৰাৰ নেতৃত্বত শুকুৰবাৰে নিশা ধোদৰ আলিৰে চলাচল কৰা যানবাহনত চলোৱা এক তালাচী অভিযানত অস্ত্ৰসহ নগা উগ্ৰপন্থী সংগঠন এনএছচিএন ৰ দুজন লিংমেন আৰক্ষীৰ জালত পৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, লোক দুজন নাগালেণ্ডৰ লংলেঙৰ পৰা নাগালেণ্ড ৰাজ্যিক পৰিবহন নিগমৰ এখন বাছেৰে ডিমাপুৰ অভিমুখে আহি থাকোতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তেওঁ লোকৰ পৰা দুটা পইণ্ট ২ পিষ্টল আৰু ৬ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰে। লোক দুজন হৈছে ইয়নভি ফেনেভ টেংছেং(৪৭) আৰু কে কে হংবা (৪৪)। বৰ্তমান দুয়োজন ৰঙাঘৰৰ বাসিন্দা ।