অসম

বিজেপিৰ হেলিনা পেগুৰ নেতৃত্বত গোলাঘাট জিলা পৰিষদৰ শপত গ্ৰহণ

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা দুমাহ অতিক্ৰম কৰাৰ পাছত মঙলবাৰে বিজেপিৰ নেতৃত্বত গোলাঘাট জিলা পৰিষদ খন আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ধীৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত ১৭ গাৰকী জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিয়ে শপত গ্ৰহণ কৰে৷

উল্লেখ্য যে গোলাঘাট জিলা পৰিষদৰ সভাপতিৰ আসন খন জনজাতি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বাবে খুমটাই বিধান সভাৰ অৰ্ন্তগত ব্ৰহ্মপুত্ৰ জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি দলৰ হেলিনা পেগুক সভানেত্ৰী আৰু বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰামুখ জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত ৰশ্মি কাকতিক উপ সভাপতি হিচাপে লৈ গোলাঘাট জিলা পৰিষদখন গঠন কৰা হয়৷

আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত উৎপল দলে, বিজেপিৰ ৰাজ্যিক সম্পাদক দেৱপ্ৰদীপ বৰা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃদুল দত্ত, অমিয়কুমাৰ বৰা, গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰা, সাধাৰণ সম্পাদক সীমান্ত বৰা আদি উপস্থিত থাকে৷ স্মৰ্তব্য যে, গোলাঘাট জিলা পৰিষদ সমষ্টটিৰ ১৭ খন মুঠ আসনৰ ভিতৰত বিজেপিয়ে ৯ খন আৰু কংগ্ৰেছে ৮ খন আসনত বিজয় সাব্যস্ত কৰে৷