অসম

গোলাঘাটৰ হাতীয়েখোৱাত মদ মুক্ত অসম দাবী সমিতিয়ে দেশীয় সুৰাৰ সৰবৰাহী নৱম শ্ৰেণীত অধ্যয়নত ছাত্ৰক গতালে আৰক্ষীক…

asomiyapratidin

ডিজিটেল সংবাদ, কাকডোঙাঃ শতিকাৰ সৰ্ববৃহৎ চুলাই ট্ৰেজিদিয়ে সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ পিছত গোলাঘাট জিলাৰ একাংশ চাহবাগিছাত গঢ়লৈ উঠা অবৈধ মদৰ ঘাটি সমূহ মদ মুক্ত অসম দাবী সমিতিৰ তৎপৰতা প্ৰশাসনে উচ্ছেদ কৰা পিছত। এতিয়া একাংশ চাহবাগিছাত পুনৰ গঢ়লৈ উঠিছে দেশীয় সুৰাৰ ৰমৰমীয়া বেহা।

প্ৰাপ্ত তথ্য মতে, গোলাঘাটৰ হাতীয়েখোৱাৰ দেশীয় সুৰাৰ মহলৰ পৰা পাইকাৰী দৰত সুৰা ক্ৰয় কৰি একাংশ বিদ্যালয় ছাত্ৰই এতিয়া নামি পৰিছে মৰাত্মক দেশীয় সুৰাৰ বেহাত, এই ক্ষেত্ৰত উৎসাহ জনাইছে হাতীয়েখোৱাৰ মহলৰ মহলদাৰ গৌতম দত্তই। উল্লেখযোগ্য যে সোমবাৰে মদ মুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, পূৱ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰিন্চ আহমেদে মদৰ মহলৰ পৰা ওলাই অহা চাৰিখন মটৰচাইকেল ৰবলৈ কয় যদিও তিনিখন মটৰচাইকেল পলাই যাবলৈ সক্ষম হয়। ইয়াৰ এখন মটৰচাইকেল দেশীয় সুৰাৰ সৈতে এজন নৱম শ্ৰেণীত অধ্যয়নত ছাত্ৰক কৰায়ত্ত কৰি আৰক্ষী খবৰ দিয়ে, ছাত্র জনৰ ভাষ্যমতে তেওঁ হাতীয়েখোৱাৰ গৌতম দত্তৰ মহলৰ পৰা দেশীয় সুৰাখিনি বৰকাঠনি চাহবাগিছাৰ যোগেন কৰ্মকাৰ, চক্তি কৰ্মকাৰ নামৰ দুজন মদৰ ব্যৱসায়িকলৈ অনা বুলি জানিবলৈ দিয়ে, এনেকৈ বহু ছাত্ৰ এতিয়া মহলদাৰ গৌতম দত্তৰ কৃপাত দেশীয় সুৰাৰ সৰবৰাহত নামি পৰিছে।

ঘটনাস্থলীত চোমণি গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নেতৃত্বত অহা এটি আৰক্ষী দলে ছাত্ৰ জনৰ লগতে মহলদাৰ গৌতম দত্তক আটক কৰি সোধ পোছ আৰম্ভ কৰিছে। উল্লেখযোগ্য ,যে হাতীয়েখোৱাস্থিত এই মহলটো ৰাতি ১২ বজা পয্যন্ত দেশীয় মদ বিক্ৰী কৰি অঞ্চলটোৰ সামাজিক ,শৈক্ষিক পৰিবেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে সচেতন মহলত , স্থানীয় ৰাইজৰ লগতে মদ মুক্ত অসম দাবী সমিতিয়ে বহুবাৰ এই মহলটো হাতীয়েখোৱাৰ পৰা স্থানান্তৰিত কৰিবলৈ বিভাগীয় কৃতপক্ষক দাবী জনাই আহিছে যদিও তিলমানো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। স্থানীয় ৰাইজৰ লগতে মদ মুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাসে অঞ্চলটোৰ শৈক্ষিক, সামাজিক পৰিবেশ বিনষ্ট কৰা মহলটো শীৰ্ঘে হাতীয়েখোৱাৰ পৰা স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে।