অসম

গোলাঘাট মুৰফুলনিত বিধ্বংসী অগ্নিকাণ্ড, কথমপি ৰক্ষা এটি কণমানি

asomiyapratidin

ডি়জিটেল সংবাদ, গোলাঘাটঃ মঙলবাৰে জুইৰ লেলিহান শিখাই গোলাঘাটত নিমিষতে দাও দাওকৈ ভস্মীভূত কৰিলে মহেশ তিৰ্কী নামৰ এজন লোকৰ বাসগৃহ। জুইৰ ফলত লোকজনৰ সম্পূৰ্ণ বাসগৃহটো নিমিষতে জ্বলি উঠে। অৱশ্যে ক'ৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল জানিব পৰা নাই।

কোনোমতে বাসগৃহটোৰ পৰা বাহিৰলৈ ওলাই পৰিয়ালৰ সদস্য সকলে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ঘৰৰ ভিতৰত সকলো আচবাব ভষ্মিভূত হৈ সৰ্বশ্ৰান্ত হয় পৰিয়ালটো। অৱশেষত বগিজান তলথানাৰ আৰক্ষী আৰু গোলাঘাটৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ  সক্ষম হয়।