অসম

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গোলাঘাটত কৃষক মুক্তিৰ অৱস্থান

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ বিৰোধিতাৰে সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

অসম চৰকাৰ হুচিয়াৰ, নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ বন্ধ হ'বই লাগিব আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ।

উক্ত প্ৰতিবাদত কৃষক নেতা অখিল গগৈ উপস্থিত থাকি কয় যে, 'যদিহে এই নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ নকৰে তেনেহলে বৰ্তমান বিজেপি চৰকাৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব।