অসম

গহপুৰত কৃতী শিক্ষয়িত্ৰীৰ আকস্মিক মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ গোপালপুৰ নিবাসী পলাশ মুদৈৰ পত্নী গীতা শইকীয়া মুদৈ (৩১)ৰ উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ মৃত্যু হয়। ছয়দুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কলেজিয়েট হাইস্কুলৰ শিক্ষয়িত্ৰীগৰাকী দেওবাৰে পুৱা হঠাৎ ঘৰৰ মজিয়াত মূৰ ঘূৰাই পৰি যায়।

পৰিয়ালৰ লোকে গহপুৰ চিভিল হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে বিশেষ একো ধৰিব নোৱৰাত কেথলিক হস্পতাললৈ নি আইচিউত ভৰ্তি কৰে। দুপৰীয়া ১১ বজাত চিকিৎসকে অতি শীঘ্ৰে গুৱাহাটী নিবলৈ পৰামৰ্শ দিয়াত অক্সিজেন দি জিএনআৰচি লৈ নিয়ে পৰিয়ালৰ লোকে।

কিন্তু দুৰ্ভাগ্যজনকভাবে জি এন আৰ চি দিছপুৰত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। সন্ধ্যা পৰিয়ালৰ লোকে চিকিৎসালয়ৰ যাৱতীয় কামখিনি কৰি গহপুৰৰ অভিমুখে মৃতদেহতো লৈ অনাৰ ব্যৱস্থা কৰে। সহজ-সৰল, হাঁহিমুখীয়া শিক্ষয়িত্ৰী গৰাকীৰ আকস্মিক মৃত্যুত গোপালপুৰ, গহপুৰৰ, তেখেতৰ এসময়ৰ কৰ্মস্থলী বিহালী আৰু ওপজা ঠাই তেজপুৰতো শোকৰ ছাঁ পৰিছে।