অসম

গহপুৰত হ’ব বাজপেয়ীৰ আদ্যশ্ৰাদ্ধ!

asomiyapratidin

ডিজিটেল সংবাদ, গহপুৰঃ দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৱে ঐতিহ্য মণ্ডিত গহপুৰতো শোকৰ ছাঁ পেলাইছে। গহপুৰত বিজেপিৰ পূব ছয়দুৱাৰ, পশ্চিম ছয়দুৱাৰ আৰু গহপুৰ নগৰ মণ্ডলত পৃথকে পৃথকে শোকসভা অনুষ্ঠিত কৰা হয়।

গহপুৰ নগৰত সন্ধ্যা বন্তি প্ৰজ্বলন কৰে একাংশ ব্যৱসায়ী, কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে। সমাজ সংগঠক বিপুল গাংগুলিৰ ব্ৰত পালনেৰে ৰাইজৰ সহযোগত অটল বিহাৰী বাজপেয়ীৰ আদ্যশ্ৰাদ্ধ গহপুৰত অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয়।

বৈদিক পৰম্পৰা ৰক্ষা কৰি দহ দিন উপবাসে থাকি মুণ্ডন কৰি মহান নেতা গৰাকীৰ আদ্যশ্ৰাদ্ধ সম্পন্ন কৰিব বিপুল গাংগুলীয়ে।