অসম

গহপুৰৰ টেটোনবাৰীত ভয়ংকৰ অগ্নিকাণ্ডঃভষ্মীভূত ৫টা পৰিয়ালৰ বাসগৃহ, ৩০ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন…

asomiyapratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত টেটোনবাৰীৰ গৰৈমাৰী গাঁৱত আজি পুৱা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত পাঁচটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে পৰিয়াল কেইটাৰ সকলো ধৰণৰ সা-সম্পত্তি ছাঁইত পৰিণত হয়। ঘটনাৰ ভূ লৈ জানিব পৰা মতে, আজি পুৱা ১০-১৫ মান বজাত চুবুৰীটোৰ স্বামীহাৰা মহিলা জুনু দেৰ বাসগৃহত গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ক্ৰমশঃ ভয়াৱহ ৰূপ ধাৰণ কৰা জুইৰ লেলিহান শিখা কাষৰ বাসগৃহলৈ সম্প্ৰসাৰিত হয়।

স্থানীয় ৰাইজে জুই প্ৰশমিত কৰিবৰ বাবে অশেষ প্ৰচেষ্টা চলাই যদিও ভয়াৱহ ৰূপ ধাৰণ কৰা অগ্নিৰ শিখাই চুবুৰীটোৰ আন চাৰিটা পৰিয়াল ক্ৰমে বিমল দে, সঞ্জীত দে, তৃপ্তি দে আৰু সন্ধ্যা দেৰ বাসগৃহ আগুৰি পেলায়। ভয়ংকৰ অগ্নিকাণ্ডটোত উক্ত পাঁচটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে সোণৰ অলংকাৰ, টিভি, ফ্ৰিজ, ষ্টিলৰ আলমিৰাসহ সকলো ধৰণৰ আচবাব তথা সা- সামগ্ৰী সম্পূৰ্ণ ৰূপে নষ্ট হয়। অগ্নিকাণ্ডটোত উক্ত পৰিয়ালকেইটাৰ সৰ্বমুঠ ত্ৰিশ লক্ষাধিক টকা মূল্যৰ সা- সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলি স্থানীয় ৰাইজে অনুমান কৰিছে।

বৰ্তমান উক্ত পৰিয়াল কেইটাই সকলো হেৰুৱাই সম্বলহীন হৈ পৰিছে। অন্যহাতেদি ঘটনাস্হলীত গহপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে। তদুপৰি পানী কমকৈ থকা গাড়ী লৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ক্ষোভিত ৰাইজে। যাৰ বাবে সমবেত ৰাইজে গহপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অগ্নি নিৰ্বাপক বাহিনী গ' বেক,অগ্নি নিৰ্বাপক বাহিনী মুৰ্দাবাদ ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।

ইফালে, তৎপৰতাৰে ঘটনাস্হলীত উপস্থিত হৈ পৰিস্থিতি তথা ক্ষয়-ক্ষতিৰ বুজ লয় গহপুৰ মহকুমাৰ মহকুমাধিপতি দীপন বৰ্মনে। মহকুমাধিপতি গৰাকীয়ে অগ্নিকাণ্ডটোত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিবৰ বাবে হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক ক্ষতিপূৰণ আদায় দিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে।