gohpur
gohpur 
অসম

খাকী পোছাকত দাগ ! উৎকোচ লৈ গ্ৰেপ্তাৰ গহপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ:- ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ৰক্তৰে ৰঞ্জিত ইতিহাস প্ৰসিদ্ধ গহপুৰ আৰক্ষী থানাত কলংক সানিলে এগৰাকী উপ পৰিদৰ্শকে। উৎকোচ লোৱা অৱস্থাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত বন্দী হৈ ঐতিহাসিক থানাখনত কলংক সানিলে আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ নমশূদ্ৰই।

গহপুৰ নগৰৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধেনুধৰাৰ প্ৰিয়ংকা উপাধ্যায় নামৰ এগৰাকী অভিযুক্তৰ পৰা ২০হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত হাতে লোটে ধৰা পৰিল উপ পৰিদৰ্শক ধীৰাজ নমশূদ্ৰ। দুৰ্নীতি নিবাৰক শাখাই গহপুৰ আৰক্ষী থানাৰ ভিতৰতে সোধা পোচা অব্যাহত ৰাখিছে ধীৰাজ নমশূদ্ৰক।

বাতৰি লিখা পৰলৈকে ধীৰাজ নমশূদ্ৰৰ আৱাসত তালাচি চলাই আছে দুৰ্নীতি নিবাৰক শাখাই। উল্লেখ্য যে এটা গোচৰ নিষ্পতিৰ নামত প্ৰিয়ংকা উপাধ্যায়ৰ পৰা ১ লাখ টকা বিচাৰিছিল ধীৰাক নমশূদ্ৰই। উক্ত ১ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন হিচাপে ২০ হাজাৰ টকা লওতেই দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ত কৰে উপ পৰিদৰ্শক ধীৰাজ নমশূদ্ৰক।