অসম

গোগামুখৰ ৰাজহুৱাস্থানত মানসিক ভাৰসাম্য গৃহহীণ লোকৰ বাবে হাফৱে হ’ম অনুষ্ঠানৰ মুকলি…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত তথা ধেমাজি জিলা সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত বুধবাৰে গোগামুখ নগাঁৱৰ পদপথ তথা ৰাজহুৱা স্থানত বসবাস কৰা মানসিক ভাৰসাম্য গৃহহীন লোকৰ বাবে বুধবাৰে হাফৱে হ'ম নামৰ এটি অনুষ্ঠানৰ মাঙ্গলিক অনুষ্ঠানৰ জৰিয়তে ফিটা কাটি আনুষ্ঠানিক শুভ উন্মোচন কৰে ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে৷

উদ্ধোধনী ভাষণত বিধায়ক পেগুৱে সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত নিৰ্মাণ হোৱা ৫টা কোঠা যুক্ত এই গৃহটোত প্ৰতি কোঠাতেই তিনিজনকৈ হিতাধিকাৰীয়ে বাস কৰিব পৰা সুবিধা আছে৷ এনে গুৰুত্বপূৰ্ণ আৰু মহানুভৱতা বিষয়ক লৈ শুভাৰম্ভণি কৰিবলৈ পায় মই নিজকে আজি আনন্দিত অনুভৱ কৰিছো বুলিও বক্তব্যত উল্লেখ কৰে৷

উক্ত শুভ উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰ, ধেমাজি জিলা সমাজ কল্যাণ বিষয়া বিৰিঞ্চি কুমাৰ বৰা, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি দেৱ কুমাৰ গগৈ, জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি ধৰ্মেন্দ্ৰ কুমাৰ হাজৰিকা, জ্যেষ্ঠ সদস্য মাধব বৰুৱা, সমাজ কল্যাণ বিভাগৰ স্থানীয় মূখ্য সেৱিকা , কৰ্মী সকলৰ লগতে অঞ্চলটোৰ গন্য মান্য ব্যক্তি সকলে৷ উল্লেখযোগ্য যে, বুধবাৰে উদ্ধোধনী কৰা প্ৰথম দিনটোতেই ছয় গৰাকীকৈ হিতাধিকাৰীয়ে ভৰ্তি হয় ৷