সৈনিক স্কুলক নতুন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ...

author-image
Asomiya Pratidin
New Update
সৈনিক স্কুলক নতুন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ...

ডিজিটেল ডেস্ক : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে গোৱালপাৰাস্থিত সৈনিক স্কুলত উদ্বোধন কৰে ৩৫০ আসন বিশিষ্ট এটি এম্পি থিয়েটাৰ অৰ্থাৎ প্ৰশিক্ষণ কেন্দ্ৰ । ইয়াৰ সৈতেই আগন্তুক ৫ বছৰৰ ভিতৰত সৈনিক স্কুল খনৰ নতুন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । আগন্তুক সময়ছোৱাত দেশৰ অন্যতম ৫ খন সৈনিক স্কুলৰ ভিতৰত এখন ৰূপেও গোৱালপাৰাস্থিত সৈনিক স্কুলখনক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাও অব্যাহত ৰাখিবলৈও আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

Advertisment

আনহাতে, সকলো শিক্ষাৰ সৈতেও অসমীয়া ভাষা, কলা-সংস্কৃতিৰ শিক্ষাও সৈনিক স্কুলৰ শিক্ষাৰ্থী সকলে পোৱা উচিত বুলিও ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ভৱিষ্যতলৈ সৈনিক স্কুলখনৰ অভাৱ সমূহ দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে স্বায়িত্ব ল'ব বুলিও জনায় মন্ত্ৰী গৰাকীয়ে । ইয়াৰ সৈতেই শিক্ষাৰ্থী সকলকো বিদ্যায়তনিক শিক্ষাত আৰু অধিক একাগ্ৰতাৰে ব্ৰতী হ'বলৈ উপদেশ দিয়ে শৰ্মাই ।

আনহাতে, ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জি অ' চি লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ উদাহৰণ দাঙি মন্ত্ৰী গৰাকীয়ে কয় যে, বৰ্তমান ভাৰতীয় সেনাৰ শীৰ্ষ পদত অধিষ্ঠিত বহু কেইগৰাকী বিষয়া গোৱালপাৰা সৈনিক স্কুলৰে শিক্ষাৰ্থী । এনে অৱস্থাত বৰ্তমানৰ শিক্ষাৰ্থীসকলেও নেচনেল ডিফেন্স একাডেমীত স্থান লাভ কৰি জীৱনক এক বিশেষ পৰ্যায়লৈ লৈ যাব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে বুলি মন্তব্য দিয়ে মন্ত্ৰী গৰাকীয়ে ।

goalpara assam himanta biswa sarma