অসম

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ জঘন্য কাণ্ডৰ ম’ৰেল পুলিচৰ মূল নায়কসহ ৩ যুৱকক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাই: দেওবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম মেঘালয় সীমান্তৰ হাতীচোঙৰ গুৰিয়া বনাঞ্চলত এহাল যুৱক-যুৱতীক ম'ৰেল পুলিচে গুৰুলা-গুৰুলকৈ মাৰপিট কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি যুৱক-যুৱতী হালৰ কাপোৰ খুলি উলংগ কৰে আৰু যৌন নিৰ্যাতন চলায় ৷

পিছত ম'ৰেল পুলিচৰ দলটোৱে যুৱক-যুৱতী হালক উলংগ কৰি লোৱা ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে। মঙলবাৰে পুৱা এই ভাইৰেল ভিডিঅ'ৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাত জিলা আৰক্ষী বিভাগত হাহাকাৰ সৃষ্টি হয়। শেষত ম'ৰেল পুলিচৰ বিৰুদ্ধে জিলা আৰক্ষী অভিযান চলায় অসম-মেঘালয় সীমান্তত ৷

গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান চলাই ঘটনাৰ সৈতে জড়িত ঘটনা মূল অভিযুক্ত অমিয় ৰাভা, অপূৰ্ব ৰাভা আৰু সমীৰণ ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, যুৱক-যুৱতী হালক উলংগ কৰি নিৰ্যাতন চলোৱাৰ লগতে সমগ্ৰ ভিডিঅ' ৰেকৰ্ডিং কৰি ব্লেকমেইলিঙো কৰাৰ লগতে যুৱক-যুৱতী হালৰ পৰিয়ালৰ লোকক ৫০ হাজাৰ টকাও দাবী কৰিছিল ৷ পৰিয়ালৰ লোকে দাবী কৰা ৫০ হাজাৰ টকাতকৈ কম পৰিমানৰ ধন দিয়াৰ বাবে এই ভিডিঅ ভাইৰেল কৰে।