অসম

গোলাঘাটত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্ত লুটি নিলে ৬৩ হাজাৰ টকা

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ বুধবাৰে দুপৰীয়া গোলাঘাট নগৰত দিন-দুপৰতে দুৰ্বৃত্তই গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে ধন। নগৰৰ বাগিছাআলিত অৱস্থিত ইউকো বেংকৰ গোলাঘাট শাখাৰ সমুখৰ পৰা লুটি নিলে ৬৩ হেজাৰ টকা।

জানিব পৰা অনুসৰি, লক্ষ্মী বিজয় বৰা নামৰ ব্যক্তি জনে এক্সিচ বেংকৰ পৰা উক্ত টকাখিনি উলিয়াই নিজৰ গাড়ীৰ ভিতৰত ধনৰ বেগটো থৈ বিশেষ কামত ইউকো বেংকলৈ যাওঁতেই গাড়ীৰ আইনা ভাঙি দৰ্বৃত্তই বেগটো লৈ পলায়ন কৰে । এই লৈ এতিয়া গোলাঘাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।