GMC SUSPENSION
GMC SUSPENSION 
অসম

জাৱৰ নিষ্কাশন কেলেংকাৰীঃ নিলম্বন হ'ল পৌৰ প্ৰশাসনিক বিষয়া মনজিৎ বুজৰবৰুৱা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : গুৱাহাটী পৌৰনিগমৰ ইটোৰ পাছত সিটো কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। গুৱাহাটীৰ বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম কৃত্ৰিম বানপানী। নৈ, নলা-নৰ্দমাত জাৱৰৰ দম পেলোৱাৰ লগতে বৰষুণৰ পানী ওলাই যোৱাৰ বাবে পৰিকল্পিত ব্যৱস্থা নথকাৰ ফলত এজাক বৰষুণতেই কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিয়ে গুৱাহাটী মহানগৰীত।

গুৱাহাটীৰ এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে গুৱাহাটী পৌৰনিগম তথা গুৱাহাটী উন্নয়ন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ দীৰ্ঘদিনীয়া। এনে অনেক সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটীৰ নামত চলিছে এতিয়া কেৱল লুণ্ঠন।

শেহতীয়াকৈ পোহৰলৈ অহা ভৰলুৰ জাৱৰ নিষ্কাশনৰ নামত সংঘটিত হোৱা এক কেলেংকাৰীৰ তথ্য তাৰেই এক উদাহৰণ। ভৰলুৰ জাৱৰ নিষ্কাশন কেলেংকাৰীৰ সৈতে গুৱাহাটীৰ পৌৰনিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱা জড়িত থকাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি ভৰলুৰ বোকা নিষ্কাশনৰ নামত ৪০ লাখ টকা আত্মসাৎ কৰিছিল মনজিৎ বুজৰবৰুৱাই।

এই অভিযোগৰ পিছতে মনজিৎ বুজৰবৰুৱাক আজি নিলম্বন কৰা হৈছে। যুটীয়া আয়ুক্ত পংকজ চক্রৱৰ্তীৰ প্রতিবেদনৰ ভিত্তিতে এই নিলম্বন কাৰ্যকৰী কৰা হৈছে। উল্লেখ্য যে, বৰ্তমান পৌৰ প্রশাসনিক বিভাগত কৰ্মৰত আছিল মনজিৎ বুজৰবৰুৱা।