- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩ গৰাকী চিকিৎসকৰ দেহত পুনৰ ধৰা পৰিছে কোৰোনা ভাইৰাছ।
- চিকিৎসক কেইগৰাকীয়ে কাৰ্যসম্পাদন কৰি বিলাসী হোটেল টাজ বিভান্টাত কোৱাৰেন্টাইন হৈ আছিল।
- তাৰ পাছতে তেওঁলোকৰ কোৰোনা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল।
- সেই পৰীক্ষাত চিকিৎসক কেইগৰাকীৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰে।
- আক্ৰান্ত চিকিৎসকত্ৰয় হৈছে ক্ৰমে ভাঃ যুগান্ত ৰায়, ডাঃ আব্দুল হালিম সৰকাৰ আৰু ডাঃ সিদ্ধাৰ্থ নন্দী।
- ইফালে টাজ বিভান্টাত থকা কেইগৰাকীও চিকিৎসকৰ দেহত কোৰোনা ধৰা পৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে।
- হোটেলখনেই কোৰোনাৰ ঘাটি হৈ পৰাৰ সন্দেহ কৰিছে বিভিন্নজনে।