অসম

অৱশেষত নগাঁৱৰ মেধাই পালে ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ ‘লেপটপ’!

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বহুত দিনীয়া প্ৰতীক্ষাৰ অন্তত যেন প্ৰাপ্তিৰ হাঁহি বিৰিঙিল নগঁঞা মেধাসকলক মুখত৷ বহু জল্পনা কল্পনা আৰু প্ৰতিক্ৰিয়াৰ পিছত অৱশেষত ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ মাজতে বিগত বৰ্ষ অৰ্থাৎ ২০১৮ বৰ্ষত হাইস্কুল, হাইমাদ্ৰাছা আদি পৰীক্ষাত ষ্টাৰ নম্বৰ পাই উৰ্ত্তীন হোৱা নগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ল 'লেপটপ'৷

উল্লেখ্য যে, অসম চৰকাৰৰ শিক্ষা বিভাগৰ জাননী অনুসৰিয়েই ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য ছাত্ৰ-ছাত্ৰীসকলে এইবৰ্ষৰ ১৮ চেপ্তেম্বৰৰ পৰা ৫ আগষ্টৰ ভিতৰত অন'লাইনযোগে আবেদনো দাখিল কৰিবলগীয়া হৈছিল আৰু সেই সময়তে অচিৰেই লেপটপ প্ৰদানৰ তাৰিখ জিলা ভিত্তিত ঘোষণা কৰা হ'ব বুলি জাননীৰ জড়িয়তে কোৱা হৈছিল৷ শিক্ষাবিভাগে কোৱাৰ দৰে বিভাগৰ ৱেব চাইটত বঁটা প্ৰদানৰ তাৰিখ চাই চাই বৰ্তমান একপ্ৰকাশ হতাশ হ'বলগীয়া হৈছিল বঁটা পাবলগীয়া মেধাসকল৷ অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পৰাত বঁটা প্ৰাপক সকলৰ লগতে অভিভাৱকসকলেও প্ৰকাশ কৰিছে সন্তুষ্টি৷

মঙলবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুঁথিভড়াল প্ৰাঙ্গনত অনুষ্ঠিত হয় আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান৷ নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীণ শৰ্মাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক উপস্থিত থকা অনুষ্ঠানটিত প্ৰথমে আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুস্পাঞ্জলি অৰ্পণ কৰে জিলা উপায়ুক্ত তথা বিধায়ক ৰূপক শৰ্মাই৷ ইয়াৰ পিছতেই ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা কৃতিত্বৰে উৰ্ত্তীণ শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা 'লেপটপ' আৰু মানপত্ৰ প্ৰদান কৰা হয়৷