অসম

মহানগৰীৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড ফাৰ্ম ইকুইপমেণ্ট শ্ব’ ৰুমত এতিয়াৰে পৰা উপলব্ধ হ’ব এছইউভি

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ ৱালফৰ্ডস্থিত ইণ্ডাষ্ট্ৰিয়েল এণ্ড ফাৰ্ম ইকুইপমেণ্ট শ্ব' ৰুমত মঙলবাৰে মুকলি কৰা হয় মহিন্দ্ৰাৰ নতুন চাৰিচকীয়া বাহন এছ ইউ ভি। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত বাহনখনৰ প্ৰাৰম্ভিক মূল্য ৭.৯০ লাখ টকাৰ পৰা ১১.৯৯ লাখ টকা বুলি জানিব পৰা গৈছে।

মুঠ ৫জন যাত্ৰীৰ আসনযুক্ত বাহন খনত আছে ৭টা এয়াৰ বেগ। যি কেইটা এয়াৰ বেগৰ দ্বাৰা যিকোনো দুৰ্ঘটনাৰ পৰা আৰোহীসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সংলগ্ন কৰা হৈছে নতুন প্ৰযুক্তি। মঙলবাৰে বাহনখন মুকলি অনুস্থানত উপস্থিত থাকে স্বতাধিকাৰী ৰাজকুমাৰ গয়িংকা, কণ্ঠ শিল্পী গিতালি কাকতিকে ধৰি প্ৰতিস্থান খনৰ কৰ্মচাৰী সকল।